Jump to content
Wikimedia Meta-Wiki

ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩

From Meta, a Wikimedia project coordination wiki
This page is a translated version of the page WikiConference India 2023 and the translation is 68% complete.
Outdated translations are marked like this.

28 – 30 April, 2023
Hyderabad, India


ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩ আপডেট
  • Premiere of WikiConference India 2023 — Recap and Highlights was aired at 6:03 pm on 16 July 2023 during the ninth Open Community call.
  • Videos taken during the conference have been uploaded day-wise on the YouTube channel as well.
  • Images and Videos taken during the WikiConference India 2023 are available under Category:WikiConference_India_2023.
  • স্ব-পুঁজিৰে অংশগ্ৰহণৰ বাবে পঞ্জীয়ন ৮ মাৰ্চ ২০২৩ত বন্ধ হৈছে। স্ব-পুঁজিৰে অংশগ্ৰহণৰ বিষয়ে অধিক তথ্য আৰু আপডেটৰ বাবে, অনুগ্ৰহ কৰি Self-Funded Registration পৃষ্ঠা চাওক।

ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৩ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন যি ৱিকিমিডিয়ান আৰু অংশীদাৰসকলৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে, যিসকল ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰত তথা দক্ষিণ এছিয়াৰ কিছুমান অঞ্চলৰ আন্দোলনৰ সৈতে জড়িত অন্যান্য দিশসমূহৰ প্ৰতি আগ্ৰহী। এই সন্মিলন কাহিনী, শিক্ষণ, উত্তম পদ্ধতি, আৰু প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱা, সংযোগ কৰা আৰু ভাগ-বতৰা কৰাৰ আৰু এটা অঞ্চল হিচাপে ভৱিষ্যতৰ কৌশলৰ বিষয়ে আলোচনা কৰা এক স্থান। এই সন্মিলন ২০২৩ চনৰ ২৮‒৩০ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত হ’ব।

ডব্লিউচিআই ২০২৩ ৰ বিষয়বস্তু

ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩ৰ বিষয়বস্তু হৈছে বন্ধন শক্তিশালী কৰা। এই সন্মিলনখন দক্ষিণ এছিয়াৰ কেইটামান অঞ্চলৰ সম্প্ৰদায়ৰ সদস্যসকলৰ বাবে পুনৰ্সংযোগ স্থাপন, তেওঁলোকৰ ধাৰণা বা অভিজ্ঞতা ইজনে সিজনৰ সৈতে ভাগ-বতৰা কৰা আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ বিকাশৰ বাবে সহযোগিতা কৰাৰ এক সুযোগ হ'ব।

পৃষ্ঠভূমি আৰু উদ্দেশ্য

ৱিকিকনফাৰেন্স ইণ্ডিয়া প্ৰথমে মুম্বাইত ২০১১ আৰু তাৰ পিছত পুনৰ চণ্ডিগড়ত ২০১৬ত আয়োজিত হৈছিল। তৃতীয় সন্মিলনখন ২০২০ চনত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও কোভিড-১৯ মহামাৰীৰ বাবে ইয়াক বাতিল কৰিব লগা হৈছিল।

২০২৩ চনৰ সন্মিলনৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰত আৰু দক্ষিণ এছিয়া অঞ্চলৰ অন্যান্য ভাৰতীয় সম্প্ৰদায়ৰ ৱিকিমিডিয়া সম্প্ৰদায়ৰ সদস্যসকলৰ উপস্থিতিত সম্প্ৰদায়ৰ মাজত সংযোগ উন্নত কৰা আৰু জ্ঞান-অভিজ্ঞতা বিনিময় কৰা।

ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩-ৰ বিস্তৃত লক্ষ্যবোৰ হৈছে:

  • ক্ষেত্ৰখনৰ ৱিকিমিডিয়া ব্যৱহাৰকাৰী, প্ৰকল্প, সম্প্ৰদায়, সংযুক্ত ব্যক্তি আৰু অংশীদাৰসকলৰ মাজত থকা সহযোগিতাক প্ৰচাৰ, বিকাশ, শক্তিশালী আৰু সমৰ্থন কৰা।
  • অংশগ্ৰহণকাৰীসকলৰ মাজত জ্ঞান, অভিজ্ঞতা আৰু উৎকৃষ্ট পৰ্যায়ৰ অনুশীলন ভাগ-বতৰা কৰাত সহায় কৰা, আৰু তেওঁলোকৰ দক্ষতা উন্নত কৰাৰ বাবে এক স্থান প্ৰদান কৰা, নিৰন্তৰ সমস্যাবোৰ আলোচনা কৰা আৰু পৰস্পৰৰ মাজত কৰ্ম প্ৰৱাহিত কৰা।
  • অভিজ্ঞ ৱিকিমিডিয়ান, প্ৰতিষ্ঠিত সম্প্ৰদায় আৰু সংযুক্ত প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ কৰি সৰু সম্প্ৰদায়সমূহৰ বৃদ্ধিত সহায় কৰা।
  • পৰৱৰ্তী ব্যৱহাৰৰ বাবে বিভিন্ন কাৰ্যকলাপৰ পৰা শিকন নথিভুক্ত কৰা: যাৰ ভিতৰত আছে বিগত চাৰি বছৰত বিভিন্ন সম্প্ৰদায়ৰ সদস্যৰ দ্বাৰা প্ৰকল্প, অভিযান, অনুষ্ঠান আদি।
  • পৰৱৰ্তী কেইবছৰমানৰ বাবে আমি কেনেদৰে একেলগে ভাৰতত আন্দোলন গঢ়ি তুলিব পাৰোঁ আৰু দক্ষিণ এছিয়া অঞ্চলৰ বিকাশত বৃহৎ পৰিমাণে অৰিহণা যোগাব পাৰোঁ-তাৰ বাবে ৰণনীতি প্ৰস্তুত কৰা।

সময়ৰেখা

  • সন্মিলনত অংশগ্ৰহণৰ বাবে অধিৱেশন আৰু বৃত্তিৰ আৱেদনৰ আহ্বান ভাৰতীয় সময় মতে ১১ নৱেম্বৰ ২০২২, ০০:০০ বজাত মুকলি হ'ব।
  • আপোনাৰ অধিৱেশন আৰু বৃত্তিৰ আৱেদন দাখিল কৰাৰ অন্তিম তাৰিখ ২৭ নৱেম্বৰ ২০২২, ২৩:৫৯ ভাৰতীয় সময়ৰ ১৪ ডিচেম্বৰ ২০২২, ২৩:৫৯ ভাৰতীয় সময়লৈ বৃদ্ধি কৰা হৈছে।
  • অনুগ্ৰহ কৰি বৃত্তিৰ বিষয়ে অধিক তথ্যৰ বাবে Participation দৰ্শন কৰক।
  • আপোনাৰ অধিৱেশন প্ৰস্তাৱ দাখিল কৰিবলৈ, অনুগ্ৰহ কৰি Session Submissions টেব চাওক।

স্থান আৰু তাৰিখ

  • স্থান: হায়দৰাবাদ, তেলেংগানা
  • তাৰিখ: ২৮-৩০ এপ্ৰিল ২০২৩
WikiConference India
Wikimedia Technology Summit
WikiConference Kerala
Individual events


AltStyle によって変換されたページ (->オリジナル) /